Saturday, December 20, 2014

ৰক্তাক্ত হ্ৰদয়ৰ উচুপনি

আকাশত আজি বাৰুদৰ গোন্ধ
মাটিত তেজৰ চেঁকুৰা
হ্ৰদয়ত গভীৰ আঘাত
চকুত পানীৰ নিজৰা

মানৱৰ আদিমতা
ধৰ্মৰ উন্মাদনা
শিশুৰ নিস্তৱ্ধতা
মাতৃৰ বিড়ম্বনা

নাৰীৰ চিত্কাৰ
পুৰুষৰ মানসিক বিকাৰ
চৰিত্ৰৰ স্খলন
সমাজৰ অধঃপতন

সভ্য সমাজত
মৃত্যুৰ কিৰীলি
নৃশংস আচৰণত
ৰক্তাক্ত পদূলী

প্ৰাৰ্থনা কৰিছোঁ
অন্ত হওঁক এই নৃশংসতাৰ
উদয় হওঁক সূৰুয
এটি নতুন সভ্যতাৰ

Friday, August 22, 2014

অশান্ত সময়ৰ দস্তাবেজ


এটি নীৰৱ আৰ্তনাদ......

এগৰাকী দুখুনি মাতৃৰ হ্ৰদয়ত কৰা কৰাঘাত......

নিষ্পেষিত জনতাৰ কোৰ্হাল......

তেজৰ ডোঙা বন্ধা ৰাজপথ......

মনুষত্যহীন বৰ্বৰ আচৰণ......

প্ৰতিবাদেৰে মুখৰিত সহস্ৰ কন্ঠ......

এয়াই আজিৰ অসম!

আমি জানো বিচাৰিছিলো এনে এখন ৰাজ্য!

ক’ত সেই জ্যোতি-বিষ্ণূৰ সোণৰ অসম?

ক’ত আমাৰ সপোনৰ অসম?

এনে সময়তে

ৰাইজৰ মাজৰ ক্ষোভে

ৰূপ সলায় বিক্ষোভলৈ,

ৰুদ্ধ দুৱাৰ ভাঙি উলাই আহিব খোজে

বিপ্লৱৰ এটি চেতনা,

ৰাষ্টযন্ত্ৰৰ প্ৰতি থকা আস্থা

হয় পৰে ক্ষীণ|

এনে দিন যাতে দুনাই নাহক

সেই প্ৰাৰ্থণা মূখত লৈ,

আশাৰ দুৱাৰডলিত বহি

অপেক্ষাকৃত মই

ঘূৰি আহক সুদিন,

অন্ত পৰক এই অমানিশাৰ......



Monday, August 11, 2014

উন্মাদ আজিৰ এই সময়



এটি পৈশাচিক নিৰৱতাৰ
সাক্ষী এই সময়,
হত্যা, হিংসাৰে পৰিপূৰ
অৰ্থহীন লালসাৰ প্ৰতীক
আজিৰ এই সময়|

কিমান উন্মাদ হলে
মানুহে হত্যা কৰিব পাৰে
সহোদৰ মানৱক,
কিমান অৰ্থপিপাসূ হলে
হ্ৰদয় হব পাৰে
টকাৰ উপাসক|

এইয়া হেনো কলিযুগ
ত পাপৰ সৰ্বব্যাপী প্ৰভাৱ
ত অৰ্থৰে জোখা হয় সম্পৰ্কক|
কিন্তু কেতিয়া অন্ত পৰিব
এই সৰ্বনাশী সময়ৰ,
কেতিয়া অন্ত হ
এই উন্মাদনাৰ|

অপেক্ষাৰত আজি মই
এনে এক সময়ৰ বাবে
ত পৄথিৱী অকলংকিতা
পাপ নিস্তেজ
আৰু জীৱন সতেজ|

অপেক্ষা কৰিম মই
সেই সময়ৰ বাবে
অনাদি অনন্ত কাল|
চিৰকাল||




Saturday, July 26, 2014

শৈশৱলৈ ঘূৰি যোৱাৰ মন

আজি আকৌ এবাৰ শৈশৱলৈ
ঘূৰি যোৱাৰ মন,
চাহ বাগীছাৰ সেউজ পৰিবেশত
আকৌ এবাৰ ডাঙৰ-দীঘল হোৱাৰ মন|

বন্ধুবোৰৰ সৈতে খেলপথাৰত
আকৌ এবাৰ ক্ৰিকেট খেলাৰ মন,
বাৰীৰ ৰবাবটেঙা পাৰি
সকলোৰে সৈতে ভগাই খাবৰ মন|

শৈশৱৰ এটি-এটি দুষ্টামি
আকৌ এবাৰ কৰাৰ মন,
বাগীছাৰ প্ৰাথমিক বিদ্যালয়ৰ "ক" শ্ৰেণীত
আকৌ এবাৰ পঢ়াৰ মন|

ঘৰৰ কাষৰ ছোৱালীজনীক
আকৌ এবাৰ ভালপাবৰ মন,
প্ৰথম প্ৰেমৰ সেই শিহৰণ
আকৌ এবাৰ অনুভৱ কৰাৰ মন|

খেলি আহি মাৰ হাতৰ পইঁতা ভাত
আকৌ এবাৰ খাবৰ মন,
সময় তুমি যদি অনুমতি দিয়া
মোৰ শৈশৱ আকৌ এবাৰ পাৰ কৰিবৰ মন|

Tuesday, July 15, 2014

কাষলৈ আহি কিয় আঁতৰি গ’লা দূৰলৈ?


দূৰণিৰ আকাশৰ তৰা আছিলা তুমি
মোৰ পৰা সহস্ৰ যোজন আঁতৰত আছিল তোমাৰ অস্তিত্ৱ,
কিন্তু সময়ৰ গতিশিলতা প্ৰমাণিত কৰি
তুমি প্ৰৱেশ কৰিলা মোৰ কক্ষপথত,
তোমাৰ প্ৰেমৰ আকৰ্ষণে
কৰিলে মোক বন্দী|

তুমি প্ৰৱেশ কৰাৰে পৰা
সলনি হৈ পৰিল মোৰ জীৱন|
দিনবোৰ হৈ পৰিল মোহময়ী,
ৰাতিবোৰ হৈ পৰিল মাতাল|
তোমাৰ উমাল স্পৰ্শই
কৰিলে মোক উন্মনা,
তোমাৰ প্ৰেমৰ সান্নিধ্যই
দিলে মোক পূৰ্ণতা|

কিন্তু পূণৰ সলনি হল সময়,
সলনি হল আমাৰ কক্ষপথ,
তুমি আঁতৰি গলা মোৰ পৰা
আৰু এতিয়া তুমি মোৰ বাবে দূৰ আকাশৰ জোন|

সময়ৰ ৰহস্যময়তাই অবাক কৰি তোলে মোক,
এয়াই নেকি সৃষ্টিৰ নিয়ম,
কাষ চপাই আনি, আঁতৰই নিয়া|
আৰু তুমি জানো উত্তৰ দিব পাৰিবা
ইমান কাষলৈ আহি,
কিয় আঁতৰি গলা দূৰলৈ?




Tuesday, July 1, 2014

প্ৰেমৰ প্ৰথমজাক বৰষুণ

আকাশ ফালি
ধৰালৈ নামি অহা
প্ৰথমজাক বৰষুণৰ দৰেই
তুমি আহি জীপাল কৰি তুলিলা
মোৰ তৃষ্ণাতুৰ বুকুখন|

তোমাৰ হ্ৰদয় কপোঁৱা চাৱনিত
মোহ গ’লো মই,
এটি নতুন সুবাসেৰে
ভৰি পৰিল মোৰ চোতাল,
তুমি জগালা মোৰ হ্ৰদয়ত
প্ৰথম প্ৰেমৰ সেই অনুভূতি|

তুমি অহাৰে পৰা অনুভৱ কৰিবলৈ শিকিলোঁ
প্ৰেমৰ মাদকতা
প্ৰকৄতিৰ সুন্দৰতা, আৰু
নদীৰ গভীৰতা|
তোমাৰ সৈতে পাৰ কৰিলোঁ মই বহুতো
নিবিড় সন্ধ্যা, আৰু
মায়াবী নিশা|

সময়ৰ সোঁতত সকলো সলনি হ’ল যদিও
পাহৰিব নোৱাৰা এটি স্মৄতি হৈ
তুমি সদায়ে থাকিবা মোৰ হ্ৰদয়ত বৈ|
তোমাৰ মাজতেই বিচাৰি পাওঁ মই
আকাশৰ কাঁচি জোন,
যিহেতো তুমিয়েই আনিছিলা মোৰ জীৱনলৈ
প্ৰেমৰ প্ৰথমজাক বৰষুণ|

Thursday, June 26, 2014

তোমাৰ দুচকুৰ নীলাত হেৰাই যাবৰ মন

প্ৰেমৰ জানো কোনো সীমা থাকে,
থাকে জানো প্ৰেমৰ কোনো নিয়ম,
সীমাৰ পৰিধি ভাঙি
সকলো প্ৰাচীৰ নেওঁচি
তোমাক নিজৰ কৰিবৰে মন|

তোমাৰ কৰুণ চকুযুৰিত চকু থৈ
ক’বলৈ মন তোমাক ভালপাওঁ বুলি,
তোমাক দুহাতেৰে আকোঁৱালি লৈ
চুমাৰে ওপচাই দিবলৈ মন,
তোমাৰ দুচকুৰ নীলাত হেৰাই যাবৰ মন|
তোমাক আজীৱন নিজৰ কৰি ৰখাৰ মন|

মানুহ হেৰুৱাৰ ঠিকনা বিচাৰি

উকা এখিলা কাগজ নিস্তব্ধ আকাশ নিস্তব্ধ সময়… হেৰাই যোৱাজনক বিচাৰি ফুৰা জানো অবান্তৰ? প্ৰশ্ন কৰে তেওঁ নিজকে… উশাহৰো হেনো মূল্য আছে, তেনেহ’লে হে...