এটি পৈশাচিক নিৰৱতাৰ
সাক্ষী এই সময়,
হত্যা, হিংসাৰে পৰিপূৰ
অৰ্থহীন লালসাৰ প্ৰতীক
আজিৰ এই সময়|
কিমান উন্মাদ হ’লে
মানুহে হত্যা কৰিব পাৰে
সহোদৰ মানৱক,
কিমান অৰ্থপিপাসূ হ’লে
হ্ৰদয় হ’ব পাৰে
টকাৰ উপাসক|
এইয়া হেনো কলিযুগ
য’ত পাপৰ সৰ্বব্যাপী প্ৰভাৱ
য’ত অৰ্থৰে জোখা হয় সম্পৰ্কক|
কিন্তু কেতিয়া অন্ত পৰিব
এই সৰ্বনাশী সময়ৰ,
কেতিয়া অন্ত হ’ব
এই উন্মাদনাৰ|
অপেক্ষাৰত আজি মই
এনে এক সময়ৰ বাবে
য’ত পৄথিৱী অকলংকিতা
পাপ নিস্তেজ
আৰু জীৱন সতেজ|
অপেক্ষা কৰিম মই
সেই সময়ৰ বাবে
অনাদি অনন্ত কাল|
চিৰকাল||
No comments:
Post a Comment