Wednesday, June 30, 2021

ভালপাওঁ বুলি নকবা মোক

ৰাতি দুপৰলৈ কথা পাতিম তোমাৰ লগত
কিন্তু ভালপাওঁ বুলি নকবা মোক 
 
প্ৰতি সন্ধিয়া লক্ষ্যহীনভাবে খোজকাঢ়িম তোমাৰ সৈতে
কিন্তু ভালপাওঁ বুলি নকবা মোক
 
ওৰে ৰাতি শুনিম তোমাৰ কন্ঠেৰে নিগৰি অহা গীত
কিন্তু ভালপাওঁ বুলি নকবা মোক
 
প্ৰিয় চিনেমা আৰু কিতাপবোৰ বিশ্লেষন কৰিম তোমাৰ সৈতে
কিন্তু ভালপাওঁ বুলি নকবা মোক
 
তোমাৰ হাতত ধৰি পাৰ কৰিম বহু উজাগৰী নিশা
কিন্তু ভালপাওঁ বুলি নকবা মোক
 
আঙুলিৰে বুলাই দিম তোমাৰ অবাধ্য চুলিতাৰি
কিন্তু ভালপাওঁ বুলি নকবা মোক
 
তোমাৰ সকলো আব্দাৰ পূৰণ কৰিম মই
কিন্তু ভালপাওঁ বুলি নকবা মোক
 
কাৰণ ভালপোৱাৰ হেনো এটা সময়ত মৃত্যু হয়
নালাগে মোক তেনে এক ভালপোৱা
 
সেই বাবে কৈছো
ভালপাওঁ বুলি নকবা মোক
 
 

মানুহ হেৰুৱাৰ ঠিকনা বিচাৰি

উকা এখিলা কাগজ নিস্তব্ধ আকাশ নিস্তব্ধ সময়… হেৰাই যোৱাজনক বিচাৰি ফুৰা জানো অবান্তৰ? প্ৰশ্ন কৰে তেওঁ নিজকে… উশাহৰো হেনো মূল্য আছে, তেনেহ’লে হে...