Monday, September 14, 2015

ভালপোৱা - এটি প্ৰেমৰ গল্প

ঐ!

কি হ’ল ক’?

মোক ভাল পাৱনে তই?

নাপাওঁ|

মই পিছে তোক ভালপাওঁ|

ফটুৱামি নকৰ|

সঁচাকৈ কৈছো|

মই বিশ্ৱাস নকৰোঁ|

বিশ্ৱাস কৰ|

নকৰোঁ|

সঁচাকৈ কৈছো|

বেলেগ কথা পাত|

নাপাতোঁ|

মই যাওঁ|

নেযাবি|

এইবোৰ কথা পাতি থাকিলে মই যামগৈ|

এইবোৰ কথাই পাতিম আৰু তই শুনিব লাগিব|

নুশুনোঁ|

মই তোক ভালপাওঁ|

মই যাওঁ|

মই কালিলৈ যামগৈ|

ক’লৈ?

গুৱাহাটী| চাকৰিত জইন কৰিবলৈ|

তই দেখোন কৈছিলি অহা মাহত যাবি বুলি|

আজি ৰাতিপুৱা অফিছৰ পৰা ফোন আহিছিল| কালি যাবই লাগিব|

..........!

কি হ’ল? মনে মনে থাকিলি যে?

আকৌ কেতিয়া ল’গ পাম?

নাযানো নহয়|

তই গুছি গ’লে যে মোৰ বৰ বেয়া লাগিব|

ফোনত কথা পাতিম নহয়|

পিছে ল’গ যে নাপাম|

বিহু বন্ধত আহিম নহয়|

বিহুলে এতিয়াও বহুত সময় আছে|

ত্য়ো ব’ল মোৰ ল’গত তেনেহ’লে|

ধেৎ!

সঁচাকৈ কৈছোঁ|

মই তোৰ লগত কেনেকৈ যাম? কি কৰিমগৈ মই তাত?

মোক ভাত ৰান্ধি খোৱাবি|

কাম নাই আৰু মোৰ!

পত্নীৰ কাম স্ৱামীৰ সেৱা কৰা!

মই তোৰ পত্নী নেকি?

হ’বি নেকি?

নহওঁ!

সচাকৈ সুধিছোঁ|

নহওঁ!

ঠিক আছে| মই যাওঁ|

ৰ’|

কি হ’ল?

আকৌ এবাৰ সোধ|

কি?

যিটো কথা প্ৰথমতেই সুধিছিলি|

.........

.........

মোক ভাল পাৱনে তই?

পাওঁ| বহুত ভাল পাওঁ|

মোক বিয়া কৰাবি?

কৰাম|

প্ৰথমতেই কোৱা নাছিলি কিয়?

তই মোক কিমান ভাল পাৱ চাইছিলোঁ|

কি গ’ম পালি?

মই তোক যিমান ভাল পাওঁ, ত্য়ো মোক সিমান ভাল পাৱ|

Monday, August 31, 2015

ক’ব নোৱাৰা কথাবোৰ

ক’ব নোৱাৰা কথাবোৰ
ক’ব পৰা হ’লে,
সদায় দেখা সপোনবোৰ
দিঠকত পৰিণত হোৱা হ’লে,
তোমাৰ মৰমৰ ছাঁয়াত
ওৰে জীৱন কটাব পৰা হ’লে,
তোমাৰ মৰমৰ সকলো আবদাৰ
পূৰণ কৰিব পৰা হ’লে,
বহাগৰ প্ৰথমজাক বৰষুণত
তোমাৰ সৈতে তিতিব পৰা হ’লে,
জোনাকৰ মায়াজালেৰে বন্দী এটি ৰাতি
তোমাৰ সৈতে ওজাগৰে কটাব পৰা হ’লে,
ধলভঙা আবেগৰ জোৱাৰ
মেলি ধৰিব পৰা হ’লে,
জীৱন যূঁজৰ চাকনৈয়া
তোমাৰ সৈতে একেলগে পাৰ কৰিব পৰা হ’লে,
ক’ব নোৱাৰা কথাবোৰ
মাথোঁ এবাৰ যদি ক’ব পৰা হ’লে.....

Tuesday, August 25, 2015

বানে গৰকা প্ৰাণ

আজিও খাবলৈ একো নাই,
বানে গৰকা আমাৰ গাঁওখনত
আজি কোনো সাহাৰ্য্য নাই|

খেতিপথাৰত পানী
পেটত ভোক
ল’ৰা-ছোৱালীহালৰ কৰুণ চকুহালত
পৄথিৱীৰ সমস্ত দুঃখ|

ক’ত গ’ল বাৰু
মোৰ গৰুহাল,
ছাগলীকেইটাছোন বহুদিন দেখাই নাই|

কেনেকৈ কৰাম ৰুগীয়া পত্নীৰ চিকিৎসা
কিদৰে গঢ়িম সন্তানৰ ভবিষ্যত
বানে জুৰুলা কৰা আমাৰ গাঁওখন
কিদৰে হ’ব নিৰাপদ|

উৰনীয়া চৰাই হৈ অহা চৰকাৰী প্ৰতিনিধিয়ে
বাৰু বুজিবনে আমাৰ যাতনা
প্ৰতিবছৰে দিয়া আশ্ৱাসবোৰৰ
নাই দেখোন কোনো ঠিকনা|

কিন্তু স্থবিৰ নহয় আমাৰ প্ৰাণ,
প্ৰকৄতিৰ লগত সহবাস কৰি
চলাই যাম আমি এই যুঁজ
চিৰকাল.......

Monday, June 29, 2015

এটি আধৰুৱা প্ৰেম কাহিনী

মই: হেল্ল!

তাই: শুই উঠাই নাই তই|

মই: আজি দেওবাৰ| দেৰিলৈকে শুৱাৰ দিন|

তাই: হ’ব দে....... মই তোক কথা এটা কবলৈ ফোন কৰিছিলো|

মই: ক’ তেনেহ’লে|

তাই: মোৰ বিয়া থিক হৈছে|

মই: ........

তাই: শুনিলি নাই মই কি ক’লো?

মই: শুনিলো|

তাই: একো নকলি যে|

মই: ক’বলৈ আৰু কি বাকি থাকিল!

তাই: তেনেকৈ কিয় কৈছ’?

মই: আৰু কেনেকৈ ক’ম?

তাই: ...........

মই: ভাল লাগিল দে খবৰটো পাই| তই যাতে সূখি হৈ থাক’ তাকে কামনা কৰিলো| আৰু এটা কথা - আজিৰ পৰা আমি আৰু কথা নাপাতো আৰু লগ নধৰো| ইটো-সিটোৰ পৰা আতৰি যোৱাটোৱে উচিত হ’ব আমাৰ বাবে|

তাই: এইটো কেনেকোৱা কথা| মোৰ বিয়া হৈ গ’ল বুলিয়েই কি আমাৰ ইমান বছৰৰ সম্বন্ধ শেষ হয় যাব নেকি| আমি বন্ধু হৈয়োতো থাকিব পাৰিম সদায়|

মই: তই পাৰিবি চাগে, মই নোৱাৰিম| মই আৰু তোক কোনোদিনে লগ নকৰো, কথা নাপাতো|

তাই: ........

মই: .........

তাই: মোৰ বিয়ালৈ নাহ’?

মই: নাযাও তোৰ বিয়ালৈ| তোক আনে নিজৰ কৰি লৈ যাব আৰু মই চাই থাকিম| মই নাযাও| লাহে লাহে তোক পাহৰি যাবলৈ চেষ্টা কৰিম|

তাই: মই যে তোক কেতিয়াও পাহৰিব নোৱাৰিম|

মই: পাহৰিব লাগিব সোণজনী| আৰু সময়ে সকলোবোৰ পাহৰাই পেলাব| নতুন সংসাৰত সোমোৱাৰ পাছত, পূৰণা কথা মনত নপৰা হ’ব| ময়ো তোৰ স্মৄতি মোৰ হিয়াৰ এটি কোণত পুতি থৈ দিম, বাহিৰ উলাব নোৱাৰাকে|

তাই: তোৰ মাততো থোকাথোকি হোৱা যেন লাগিছে|

মই: .........

তাই: তই কান্দিছ’ নেকি?

মই: নাই কন্দা| তই মোক কেতিয়াবা কন্দা দেখিছ’ নেকি?

তাই: ..........

মই: তইহে কান্দি থকা যেন লাগিছে|

তাই: মই......মই......

মই: আৰু কথা নেপাতো দে, নহলে কথা শেষ নহবগৈ|

তাই: মই তোক ভাল.....

মই: বিদায় সোণজনী| তই যেন আজীৱন সূখি হৈ থাক’|

(তাইৰ বিয়া হৈ গ’ল| মই নগ’লো| মাজে মাজে তাইলৈ মনত পৰে| তেতিয়া মনলৈ এটাই প্ৰশ্ন আহে - তাই বাৰু কেতিয়াবা মোৰ কথা ভাবেনে? )

Sunday, February 1, 2015

গতিশীল জীৱন, স্থবিৰ প্ৰাণ



জীৱন হেনো গতিশীল
কিন্তু গতিশীলতাই জানো জীৱন|
কেতিয়াবা মন নাজায়নে বাৰু
দৌৰি যোৱা সময়বোৰ ধৰি ৰাখিবলৈ,
স্থবিৰ হৈ, জীৱনৰ মধু মূহূৰ্ত্তবোৰ উপভোগ কৰিবলৈ|
মোৰ পিছে মন যায়,
এৰি অহা দিনবোৰ ৰোমন্থন কৰিবলৈ
সেই পুৰণি সুবাস আকৌ বিচাৰি যাবলৈ
উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰিবলৈ
অৰ্থহীন হাহিঁ-ধেমালি কৰিবলৈ|
মন যায়
বৰ্ষনমুখৰ কোনো ৰাতি
উজাগৰি নিশা কটায়
ওৰে ৰাতি তোমাৰ কথা ভাবিবলৈ|
গতিশীল এই জীৱনৰ
কিছু মূহূৰ্ত্ত ধৰি ৰাখিবলৈ|





মানুহ হেৰুৱাৰ ঠিকনা বিচাৰি

উকা এখিলা কাগজ নিস্তব্ধ আকাশ নিস্তব্ধ সময়… হেৰাই যোৱাজনক বিচাৰি ফুৰা জানো অবান্তৰ? প্ৰশ্ন কৰে তেওঁ নিজকে… উশাহৰো হেনো মূল্য আছে, তেনেহ’লে হে...