উকা এখিলা কাগজ
নিস্তব্ধ আকাশ
নিস্তব্ধ সময়…
নিস্তব্ধ আকাশ
নিস্তব্ধ সময়…
হেৰাই যোৱাজনক বিচাৰি ফুৰা জানো অবান্তৰ?
প্ৰশ্ন কৰে তেওঁ নিজকে…
উশাহৰো হেনো মূল্য আছে,
তেনেহ’লে হেৰাই যোৱা সেই উশাহবোৰো আছিল মূল্যবান…
বিচাৰিবলৈ মন নাযাব জানো?
সেমেকা বতৰৰ
সেমেকা উশাহৰ
নিজান নিশাবোৰৰ
সেই সময়বোৰ জানো নাছিল মূল্যবান?
আকৌ এবাৰ বিচাৰিবলৈ মন কিয় নাযাব!
কিন্তু হেৰাই যোৱাবোৰক জানো পুনৰ পোৱা যাই?
দূৰ দিগন্তৰ সিপাৰে
অজানা সেই ঠাইৰ
নাই কোনো ঠিকনা…
হেৰাই যোৱা সময়বোৰৰ
হেৰাই যোৱা সেই উশাহবোৰৰ
নাই কোনো ঠিকনা…
কিন্তু আছে আশা
আছে তেওঁৰ ছাঁয়া
জীৱনক জয় কৰাৰ অনুপ্ৰেৰণা…
হেৰুৱাৰ ঠিকনা বিচাৰি
জীৱনক আগুৱাই নিয়াৰ প্ৰত্যাশা।