দূৰণিৰ আকাশৰ তৰা আছিলা তুমি
মোৰ পৰা সহস্ৰ যোজন আঁতৰত আছিল তোমাৰ অস্তিত্ৱ,
কিন্তু সময়ৰ গতিশিলতা প্ৰমাণিত কৰি
তুমি প্ৰৱেশ কৰিলা মোৰ কক্ষপথত,
তোমাৰ প্ৰেমৰ আকৰ্ষণে
কৰিলে মোক বন্দী|
তুমি প্ৰৱেশ কৰাৰে পৰা
সলনি হৈ পৰিল মোৰ জীৱন|
দিনবোৰ হৈ পৰিল মোহময়ী,
ৰাতিবোৰ হৈ পৰিল মাতাল|
তোমাৰ উমাল স্পৰ্শই
কৰিলে মোক উন্মনা,
তোমাৰ প্ৰেমৰ সান্নিধ্যই
দিলে মোক পূৰ্ণতা|
কিন্তু পূণৰ সলনি হ’ল সময়,
সলনি হ’ল আমাৰ কক্ষপথ,
তুমি আঁতৰি গ’লা মোৰ পৰা
আৰু এতিয়া তুমি মোৰ বাবে দূৰ আকাশৰ জোন|
সময়ৰ ৰহস্যময়তাই অবাক কৰি তোলে মোক,
এয়াই নেকি সৃষ্টিৰ নিয়ম,
কাষ চপাই আনি, আঁতৰই নিয়া|
আৰু তুমি জানো উত্তৰ দিব পাৰিবা
ইমান কাষলৈ আহি,
কিয় আঁতৰি গ’লা দূৰলৈ?
No comments:
Post a Comment