Saturday, May 31, 2014

কিদৰে পাহৰোঁ তোমাক


তুমি কোৱা..........কোৱানা প্ৰিয়া
সঁচাকে বাৰু নুবুজিলানে মোৰ হিয়াৰ বতৰা
নে বুজিও ধৰিলা নুবুজাৰ ভাও
জানানে তোমাক মই কিমান ভালপাওঁ|

তোমাক লৈ ৰচিছিলো মই কত কবিতা
তোমাক লৈ দেখিছিলো কতনা সপোন
ভাবিছিলোঁ আহিবা তুমি মোৰ কাষলৈ
আৰু ক’বা, "তুমি মোৰ অতিকৈ আপোন"|

তোমাৰ এটি মাথোঁ বাক্যই কৰিলে
মোৰ সকলো সপোণ থানবান
আৰু মোৰ হ্ৰদয় চূড়মাৰ
কাৰণ মই ভাবিছিলোঁ তুমি মোৰ আৰু মই তোমাৰ|

কেনেকৈ বাৰু সহ্য কৰো মই
তোমাৰ হ্ৰদয়ত আন কাৰোবাৰ উপস্থিতি
প্ৰাণ ভৰি ভাল পাইছিলোঁ মই তোমাক
এতিয়া কোৱা..........কোৱানা কিদৰে পাহৰোঁ তোমাক|

2 comments:

  1. Oi, your beautiful heartbroken poems are making me sad :(

    ReplyDelete
  2. Well, poems are best written when the heart breaks.....

    ReplyDelete

মানুহ হেৰুৱাৰ ঠিকনা বিচাৰি

উকা এখিলা কাগজ নিস্তব্ধ আকাশ নিস্তব্ধ সময়… হেৰাই যোৱাজনক বিচাৰি ফুৰা জানো অবান্তৰ? প্ৰশ্ন কৰে তেওঁ নিজকে… উশাহৰো হেনো মূল্য আছে, তেনেহ’লে হে...