মৰমৰ.....,
আজি কিয় জানো তোমাক মৰমৰ বুলি মাতিবলৈ মন যোৱা নাই|
কিয় এনে কৰিলা তুমি?
কিয়?
তুমি মোৰ লগত অভিনয় কৰিলা!
মোৰ লগত!
বাঃ মানি গৈছো দেই তোমাক|
ভাল ব্যবহাৰ কৰিলা তুমি মোক!
মোৰ বন্ধুত্বৰ এয়াই উপহাৰ দিলা মোক!
তোমাক মই মোৰ বন্ধু বুলি ভাবিছিলো|
অন্তৰৰে পূজিছিলোঁ আমাৰ বন্ধুত্বৰ সম্বন্ধটো|
কিন্ত মই কোনোদিনে নাছিলোঁ ভবা, তুমি যে এনে
কৰিবা|
ইমানদিনে তাৰমানে তুমি অভিনয়হে কৰিলা?
অ’ হয়তো!
তুমিতো এসময়ত অভিনেত্ৰী আছিলা|
নাটক কৰি ফুৰিছিলা হায়দেৰাবাদ, মুম্বাইত|
আৰু আজি জীৱনৰ মঞ্চত অভিনয় কৰি দেখুৱালা|
"লাইভ টেলিকাষ্ট"! বঢ়িয়া...
তুমি মোক এদিন সুধিছিলা মোৰ জীৱনত তোমাৰ স্থান ক’ত,
মই কৈছিলোঁ, মোৰ বন্ধুৰ তালিকাত তুমি আটাইতকৈ ওপৰত|
আৰু এতিয়া.....
এতিয় মই ভাবিছোঁ তুমি জানো বন্ধু বুলি কোৱাৰো যোগ্য,
ঠিকেই কৈছিলা তুমি,
জীৱনত প্ৰকৃত বন্ধু বিচাৰি নাপালা বুলি|
পাবানো কেনেকৈ.....
তুমিতো নাজানাই বন্ধু মানেনো কি|
বন্ধু কাক বোলে জানানে?
যাৰ ওপৰত থাকে নিজতকৈ অধিক বিশ্ৱাস,
যাৰ সুখ-দুঃখত একেলগে হোৱা যায় সমভাগী,
যাৰ কথাৰ ওপৰত থাকে সম্পুৰ্ণ আস্থা|
আৰু তুমি....
তুমি মোৰ বিশ্ৱাস ভংগ কৰিলা,
মিছাৰে সজালা তুমাৰ কথাবোৰ|
এতিয়া কি সতেৰে কওঁ তুমি মোৰ বন্ধু বুলি
তোমাৰ বাবে......কেৱল তোমাৰ বাবে
মই আনক ক’বলগীয়া হৈছিল মিছা কথা|
তোমাৰ বাবে......
মই গালি দিছিলোঁ মোৰ আন বন্ধুবৰ্গক|
তোমাৰ বাবে......
এতিয়া ভাবিছোঁ......কিয় কৰিছিলোঁ সেইবোৰ|
তোমাৰ ভালৰ বাবে?
কি দৰকাৰ আছিল মোৰ!
মোৰ সমস্ত মৰম আৰু বন্ধুত্ৱৰ তোমাৰ ওচৰত দেখোন গুৰুত্ৱই নাই|
তোমাক বহুত বুজালোঁ, নিজকে অলপ সলনি কৰা|
মই ভাবিছিলোঁ তুমি মোৰ কথা শুনিছা|
পিছে......এতিয়াহে বুজিছোঁ......
তুমি সলনি নহ’লা,
একেই থাকিলা তুমি|
এনেকৈ তুমি জীৱনত সুখী হ’ব নোৱাৰিবা|
বুজিবলৈ চেষ্টা কৰা!
নাই, নাই......আৰু নুবুজাওঁ তোমাক
আৰু অনাধিকাৰ প্ৰৱেশ নকৰো তোমাৰ জীৱনত,
নিদিওঁ তোমাক উপদেশ|
নিজৰ মতে জীয়াই থাকা তুমি,
যি মন যায় কৰা|
কেৱল এটি মাত্ৰ অনুৰোধ......
আৰু কাৰো লগত বন্ধুত্ৱৰ অভিনয় নকৰিবা|
ইতি,
তোমাৰ
মৰমৰ ’মই’
Kaar uporot iman khong tur? Ji ki nohouk, anger and sadness make the best compositions.
ReplyDeleteTruly said Natasha....it was anger that made me write it...but it was many years ago....that anger has evaporated now.....
ReplyDelete