Saturday, May 31, 2014

প্ৰেম তুমি চিৰযুগমীয়া

ৰাতিৰ অন্ধকাৰ,
নিৰৱ্তা ফালি নামি অহা
এজাক চিপচিপীয়া বৰষূণ,
চাৰিওফালৰ মৌনতাক গ্ৰাস কৰি অহা
অতীতৰ স্মৃতিৰ প্ৰচন্দ ধুমুহা,
প্ৰেমৰ সজীৱতা কঢ়িয়াই অনা
এই বতৰে যেন কৈ যায়
প্ৰেম তুমি চিৰযুগমীয়া |

মনত পৰেনে তোমাৰ
ৰাতিৰ বাছ্ত গুৱাহাটীলৈ যাত্ৰা কৰা সেই নিশাটিৰ কথা,
একেখন চাদৰৰ তলত উজাগৰে পাৰ কৰা সেই ৰাতিৰ কথা |
মোৰ কিন্তূ সকলো মনত আছে,
মোৰ বুকুৰ মাজত সোমাই
তুমি ওৰে ৰাতি কথা পাতি যোৱা,
বতাহে খেলিমেলি কৰি দিয়া তোমাৰ চুলিবোৰ
মই বাৰে বাৰে ঠিক কৰি দিয়া |

মৃদু সুৰত বাজি থকা গানবোৰে
মোৰ বুকুৰ মাজত তুলিছিল প্ৰেমৰ ঝংকাৰ |
সেই এটি নিশাই সলনি কৰি পেলাইছিল,
মোৰ হ্ৰদয়ৰ সকলো সমিকৰণ |

যদিও তুমি আজি মোৰ কাষত নাই,
নিশাৰ অন্ধকাৰে এতিয়াও মোৰ মনলৈ কঢ়িয়াই আনে
তোমাৰ প্ৰেমৰ সেই মিঠা অনুভৱ |
বাৰে বাৰে ভাবো তোমাৰে কথা
আৰূ বুজাও নিজকে
তুমি যেন এতিয়াও মোৰ |

No comments:

Post a Comment

মানুহ হেৰুৱাৰ ঠিকনা বিচাৰি

উকা এখিলা কাগজ নিস্তব্ধ আকাশ নিস্তব্ধ সময়… হেৰাই যোৱাজনক বিচাৰি ফুৰা জানো অবান্তৰ? প্ৰশ্ন কৰে তেওঁ নিজকে… উশাহৰো হেনো মূল্য আছে, তেনেহ’লে হে...