Sunday, March 19, 2023

প্ৰেম আৰু বৰষুণ নে প্ৰেমৰ বৰষুণ

বৰষুণ.....
যেন প্ৰকৃতিয়ে লিখা এটা চিম্ফনি
যেন আকাশ আৰু ধৰাৰ ৰাগিনী
যেন তোমাৰ আৰু মোৰ প্ৰেমৰ কাহিনী


প্ৰতিটো টোপালে যেন কৈ যায় তোমাৰ কথা
পাহৰাই পেলাই জীৱনৰ প্ৰতিটো বেথা


বৰষুণৰ শব্দই যেন সৃষ্টি কৰে
এক সুৰীয়া ৰাগ
থিক যেন প্ৰেয়সীৰ চুমাৰ
এক মিঠা অনুৰাগ

প্ৰেম আৰু বৰষুণ - প্ৰকৃতি সৃষ্ট এক বান্ধোন
আজিও যেন মন্ত্ৰমুগ্ধ মই
তুমিয়েই আনিলা মোৰ জীৱনলৈ 
প্ৰেমৰ এইজাক বলীয়া বৰষুণ.....

No comments:

Post a Comment

মানুহ হেৰুৱাৰ ঠিকনা বিচাৰি

উকা এখিলা কাগজ নিস্তব্ধ আকাশ নিস্তব্ধ সময়… হেৰাই যোৱাজনক বিচাৰি ফুৰা জানো অবান্তৰ? প্ৰশ্ন কৰে তেওঁ নিজকে… উশাহৰো হেনো মূল্য আছে, তেনেহ’লে হে...