Monday, September 14, 2015

ভালপোৱা - এটি প্ৰেমৰ গল্প

ঐ!

কি হ’ল ক’?

মোক ভাল পাৱনে তই?

নাপাওঁ|

মই পিছে তোক ভালপাওঁ|

ফটুৱামি নকৰ|

সঁচাকৈ কৈছো|

মই বিশ্ৱাস নকৰোঁ|

বিশ্ৱাস কৰ|

নকৰোঁ|

সঁচাকৈ কৈছো|

বেলেগ কথা পাত|

নাপাতোঁ|

মই যাওঁ|

নেযাবি|

এইবোৰ কথা পাতি থাকিলে মই যামগৈ|

এইবোৰ কথাই পাতিম আৰু তই শুনিব লাগিব|

নুশুনোঁ|

মই তোক ভালপাওঁ|

মই যাওঁ|

মই কালিলৈ যামগৈ|

ক’লৈ?

গুৱাহাটী| চাকৰিত জইন কৰিবলৈ|

তই দেখোন কৈছিলি অহা মাহত যাবি বুলি|

আজি ৰাতিপুৱা অফিছৰ পৰা ফোন আহিছিল| কালি যাবই লাগিব|

..........!

কি হ’ল? মনে মনে থাকিলি যে?

আকৌ কেতিয়া ল’গ পাম?

নাযানো নহয়|

তই গুছি গ’লে যে মোৰ বৰ বেয়া লাগিব|

ফোনত কথা পাতিম নহয়|

পিছে ল’গ যে নাপাম|

বিহু বন্ধত আহিম নহয়|

বিহুলে এতিয়াও বহুত সময় আছে|

ত্য়ো ব’ল মোৰ ল’গত তেনেহ’লে|

ধেৎ!

সঁচাকৈ কৈছোঁ|

মই তোৰ লগত কেনেকৈ যাম? কি কৰিমগৈ মই তাত?

মোক ভাত ৰান্ধি খোৱাবি|

কাম নাই আৰু মোৰ!

পত্নীৰ কাম স্ৱামীৰ সেৱা কৰা!

মই তোৰ পত্নী নেকি?

হ’বি নেকি?

নহওঁ!

সচাকৈ সুধিছোঁ|

নহওঁ!

ঠিক আছে| মই যাওঁ|

ৰ’|

কি হ’ল?

আকৌ এবাৰ সোধ|

কি?

যিটো কথা প্ৰথমতেই সুধিছিলি|

.........

.........

মোক ভাল পাৱনে তই?

পাওঁ| বহুত ভাল পাওঁ|

মোক বিয়া কৰাবি?

কৰাম|

প্ৰথমতেই কোৱা নাছিলি কিয়?

তই মোক কিমান ভাল পাৱ চাইছিলোঁ|

কি গ’ম পালি?

মই তোক যিমান ভাল পাওঁ, ত্য়ো মোক সিমান ভাল পাৱ|

No comments:

Post a Comment

মানুহ হেৰুৱাৰ ঠিকনা বিচাৰি

উকা এখিলা কাগজ নিস্তব্ধ আকাশ নিস্তব্ধ সময়… হেৰাই যোৱাজনক বিচাৰি ফুৰা জানো অবান্তৰ? প্ৰশ্ন কৰে তেওঁ নিজকে… উশাহৰো হেনো মূল্য আছে, তেনেহ’লে হে...