Saturday, June 14, 2014

ধুমুহা

মনৰ মাজত বলা ধুমুহাজাকৰ উমান পাইছানে তুমি?
জানানে এই ধুমুহাৰ কাৰণ তুমি
তুমিয়ে জলাইছা মোৰ হ্ৰদয়ত জুই
তুমিয়ে কৰিছা মোৰ মন উন্মনা|

চিঞৰি চিঞ্ৰৰি ক’ব মন গৈছে তোমাক ভালপাওঁ বুলি,
নিজৰ হাতত লিখি থ’ব মন গৈছে তোমাৰে নাম,
কিন্তু মই যে নিৰুপায়
তোমাৰ আৰু মোৰ মাজত আছে এখন অদৄশ্য প্ৰাচীৰ,
বহু চেষ্টা কৰিওঁ ভেদিব পৰা নাই সেই প্ৰাচীৰ,
সমাজৰ নিয়মৰ মাজত বন্দী আমি,
অসহায়, নিৰুপায়.....

এবাৰ মোৰ কাষলৈ আহা,
মোৰ কাষত থিয় দিয়া,
ভাঙি দিম সকলো বান্ধোন,
তুমি মাথো এবাৰ কোৱা মোক ভালপাওঁ বুলি,
সকলো বাধা নেওচি আনিম তোমাক মোৰ কৰি,
আৰু গঢ়ি তুলিম আমাৰ নিজৰ সমাজ,
বৰ্ণহীন, বিভেদহীন, এখন নতুন সমাজ|

1 comment:

  1. Strong emotions, beautifully expressed. Pise kaar baabe likhili ei kobita?

    ReplyDelete

মানুহ হেৰুৱাৰ ঠিকনা বিচাৰি

উকা এখিলা কাগজ নিস্তব্ধ আকাশ নিস্তব্ধ সময়… হেৰাই যোৱাজনক বিচাৰি ফুৰা জানো অবান্তৰ? প্ৰশ্ন কৰে তেওঁ নিজকে… উশাহৰো হেনো মূল্য আছে, তেনেহ’লে হে...