Thursday, June 26, 2014

তোমাৰ দুচকুৰ নীলাত হেৰাই যাবৰ মন

প্ৰেমৰ জানো কোনো সীমা থাকে,
থাকে জানো প্ৰেমৰ কোনো নিয়ম,
সীমাৰ পৰিধি ভাঙি
সকলো প্ৰাচীৰ নেওঁচি
তোমাক নিজৰ কৰিবৰে মন|

তোমাৰ কৰুণ চকুযুৰিত চকু থৈ
ক’বলৈ মন তোমাক ভালপাওঁ বুলি,
তোমাক দুহাতেৰে আকোঁৱালি লৈ
চুমাৰে ওপচাই দিবলৈ মন,
তোমাৰ দুচকুৰ নীলাত হেৰাই যাবৰ মন|
তোমাক আজীৱন নিজৰ কৰি ৰখাৰ মন|

Saturday, June 14, 2014

ধুমুহা

মনৰ মাজত বলা ধুমুহাজাকৰ উমান পাইছানে তুমি?
জানানে এই ধুমুহাৰ কাৰণ তুমি
তুমিয়ে জলাইছা মোৰ হ্ৰদয়ত জুই
তুমিয়ে কৰিছা মোৰ মন উন্মনা|

চিঞৰি চিঞ্ৰৰি ক’ব মন গৈছে তোমাক ভালপাওঁ বুলি,
নিজৰ হাতত লিখি থ’ব মন গৈছে তোমাৰে নাম,
কিন্তু মই যে নিৰুপায়
তোমাৰ আৰু মোৰ মাজত আছে এখন অদৄশ্য প্ৰাচীৰ,
বহু চেষ্টা কৰিওঁ ভেদিব পৰা নাই সেই প্ৰাচীৰ,
সমাজৰ নিয়মৰ মাজত বন্দী আমি,
অসহায়, নিৰুপায়.....

এবাৰ মোৰ কাষলৈ আহা,
মোৰ কাষত থিয় দিয়া,
ভাঙি দিম সকলো বান্ধোন,
তুমি মাথো এবাৰ কোৱা মোক ভালপাওঁ বুলি,
সকলো বাধা নেওচি আনিম তোমাক মোৰ কৰি,
আৰু গঢ়ি তুলিম আমাৰ নিজৰ সমাজ,
বৰ্ণহীন, বিভেদহীন, এখন নতুন সমাজ|

Saturday, May 31, 2014

কিদৰে পাহৰোঁ তোমাক


তুমি কোৱা..........কোৱানা প্ৰিয়া
সঁচাকে বাৰু নুবুজিলানে মোৰ হিয়াৰ বতৰা
নে বুজিও ধৰিলা নুবুজাৰ ভাও
জানানে তোমাক মই কিমান ভালপাওঁ|

তোমাক লৈ ৰচিছিলো মই কত কবিতা
তোমাক লৈ দেখিছিলো কতনা সপোন
ভাবিছিলোঁ আহিবা তুমি মোৰ কাষলৈ
আৰু ক’বা, "তুমি মোৰ অতিকৈ আপোন"|

তোমাৰ এটি মাথোঁ বাক্যই কৰিলে
মোৰ সকলো সপোণ থানবান
আৰু মোৰ হ্ৰদয় চূড়মাৰ
কাৰণ মই ভাবিছিলোঁ তুমি মোৰ আৰু মই তোমাৰ|

কেনেকৈ বাৰু সহ্য কৰো মই
তোমাৰ হ্ৰদয়ত আন কাৰোবাৰ উপস্থিতি
প্ৰাণ ভৰি ভাল পাইছিলোঁ মই তোমাক
এতিয়া কোৱা..........কোৱানা কিদৰে পাহৰোঁ তোমাক|

তুমি নথকা সময়বোৰ.....

তুমি নাথাকিলে
আকাশত দেখোন তৰা নাই....
জোনাকত দেখোন পোহৰ নাই....
বৰষুণত দেখোন ছ্ন্দ নাই....
গানবোৰত দেখোন একো সুৰ নাই....

তুমি গুছি যোৱাৰ পাছত দেখোন
সময়ৰ একো গতি নাই.....

মৰমৰ......

মৰমৰ.....,
আজি কিয় জানো তোমাক মৰমৰ বুলি মাতিবলৈ মন যোৱা নাই|
কিয় এনে কৰিলা তুমি?
কিয়?
তুমি মোৰ লগত অভিনয় কৰিলা!
মোৰ লগত!
বাঃ মানি গৈছো দেই তোমাক|
ভাল ব্যবহাৰ কৰিলা তুমি মোক!
মোৰ বন্ধুত্বৰ এয়াই উপহাৰ দিলা মোক!
তোমাক মই মোৰ বন্ধু বুলি ভাবিছিলো|
অন্তৰৰে পূজিছিলোঁ আমাৰ বন্ধুত্বৰ সম্বন্ধটো|
কিন্ত মই কোনোদিনে নাছিলোঁ ভবা, তুমি যে এনে কৰিবা|
ইমানদিনে তাৰমানে তুমি অভিনয়হে কৰিলা?
হয়তো!
তুমিতো এসময়ত অভিনেত্ৰী আছিলা|
নাটক কৰি ফুৰিছিলা হায়দেৰাবাদ, মুম্বাইত|
আৰু আজি জীৱনৰ মঞ্চত অভিনয় কৰি দেখুৱালা|
"লাইভ টেলিকাষ্ট"! বঢ়িয়া...
তুমি মোক এদিন সুধিছিলা মোৰ জীৱনত তোমাৰ স্থান ক,
মই কৈছিলোঁ, মোৰ বন্ধুৰ তালিকাত তুমি আটাইতকৈ ওপৰত|
আৰু এতিয়া.....
এতিয় মই ভাবিছোঁ তুমি জানো বন্ধু বুলি কোৱাৰো যোগ্য,
ঠিকেই কৈছিলা তুমি,
জীৱনত প্ৰকৃত বন্ধু বিচাৰি নাপালা বুলি|
পাবানো কেনেকৈ.....
তুমিতো নাজানাই বন্ধু মানেনো কি|
বন্ধু কাক বোলে জানানে?
যাৰ ওপৰত থাকে নিজতকৈ অধিক বিশ্ৱাস,
যাৰ সুখ-দুঃখত একেলগে হোৱা যায় সমভাগী,
যাৰ কথাৰ ওপৰত থাকে সম্পুৰ্ণ আস্থা|
আৰু তুমি....
তুমি মোৰ বিশ্ৱাস ভংগ কৰিলা,
মিছাৰে সজালা তুমাৰ কথাবোৰ|
এতিয়া কি সতেৰে কওঁ তুমি মোৰ বন্ধু বুলি
তোমাৰ বাবে......কেৱল তোমাৰ বাবে
মই আনক ক’বলগীয়া হৈছিল মিছা কথা|
তোমাৰ বাবে......
মই গালি দিছিলোঁ মোৰ আন বন্ধুবৰ্গক|
তোমাৰ বাবে......
এতিয়া ভাবিছোঁ......কিয় কৰিছিলোঁ সেইবোৰ|
তোমাৰ ভালৰ বাবে?
কি দৰকাৰ আছিল মোৰ!
মোৰ সমস্ত মৰম আৰু বন্ধুত্ৱৰ তোমাৰ ওচৰত দেখোন গুৰুত্ৱই নাই|
তোমাক বহুত বুজালোঁ, নিজকে অলপ সলনি কৰা|
মই ভাবিছিলোঁ তুমি মোৰ কথা শুনিছা|
পিছে......এতিয়াহে বুজিছোঁ......
তুমি সলনি নহ’লা,
একেই থাকিলা তুমি|
এনেকৈ তুমি জীৱনত সুখী হ’ব নোৱাৰিবা|
বুজিবলৈ চেষ্টা কৰা!
নাই, নাই......আৰু নুবুজাওঁ তোমাক
আৰু অনাধিকাৰ প্ৰৱেশ নকৰো তোমাৰ জীৱনত,
নিদিওঁ তোমাক উপদেশ|
নিজৰ মতে জীয়াই থাকা তুমি,
যি মন যায় কৰা|
কেৱল এটি মাত্ৰ অনুৰোধ......
আৰু কাৰো লগত বন্ধুত্ৱৰ অভিনয় নকৰিবা|

                                        ইতি,
                                        তোমাৰ মৰমৰ ’মই’


প্ৰেম তুমি চিৰযুগমীয়া

ৰাতিৰ অন্ধকাৰ,
নিৰৱ্তা ফালি নামি অহা
এজাক চিপচিপীয়া বৰষূণ,
চাৰিওফালৰ মৌনতাক গ্ৰাস কৰি অহা
অতীতৰ স্মৃতিৰ প্ৰচন্দ ধুমুহা,
প্ৰেমৰ সজীৱতা কঢ়িয়াই অনা
এই বতৰে যেন কৈ যায়
প্ৰেম তুমি চিৰযুগমীয়া |

মনত পৰেনে তোমাৰ
ৰাতিৰ বাছ্ত গুৱাহাটীলৈ যাত্ৰা কৰা সেই নিশাটিৰ কথা,
একেখন চাদৰৰ তলত উজাগৰে পাৰ কৰা সেই ৰাতিৰ কথা |
মোৰ কিন্তূ সকলো মনত আছে,
মোৰ বুকুৰ মাজত সোমাই
তুমি ওৰে ৰাতি কথা পাতি যোৱা,
বতাহে খেলিমেলি কৰি দিয়া তোমাৰ চুলিবোৰ
মই বাৰে বাৰে ঠিক কৰি দিয়া |

মৃদু সুৰত বাজি থকা গানবোৰে
মোৰ বুকুৰ মাজত তুলিছিল প্ৰেমৰ ঝংকাৰ |
সেই এটি নিশাই সলনি কৰি পেলাইছিল,
মোৰ হ্ৰদয়ৰ সকলো সমিকৰণ |

যদিও তুমি আজি মোৰ কাষত নাই,
নিশাৰ অন্ধকাৰে এতিয়াও মোৰ মনলৈ কঢ়িয়াই আনে
তোমাৰ প্ৰেমৰ সেই মিঠা অনুভৱ |
বাৰে বাৰে ভাবো তোমাৰে কথা
আৰূ বুজাও নিজকে
তুমি যেন এতিয়াও মোৰ |

মানুহ হেৰুৱাৰ ঠিকনা বিচাৰি

উকা এখিলা কাগজ নিস্তব্ধ আকাশ নিস্তব্ধ সময়… হেৰাই যোৱাজনক বিচাৰি ফুৰা জানো অবান্তৰ? প্ৰশ্ন কৰে তেওঁ নিজকে… উশাহৰো হেনো মূল্য আছে, তেনেহ’লে হে...