Saturday, May 31, 2014

তুমি কোন, হেৰা অসমীয়া ?

সাত সাগৰ, তেৰ নদীৰ পাৰত মোৰ জন্ম,
ডাঙৰ-দীঘল হ’লোঁ বিদেশৰ বিলাতী মাটিত,
ভাবিলোঁ এদিন চাই আহোঁ মোৰ আই-পিতাইৰ জন্মস্থান,
সেই চিৰ চেনেহী অসমী আইৰ চোতাল |

আহি ভৰি দিলোহি অসমৰ মাটিত
বাটত দেখা পালো এজন যুৱকক,
সুধিলোঁ, “হেৰা ডেকা ল’ৰা, তোমাৰ নাম কি?”
সি ক’লে, “মোৰ নাম ৰাজু বসুমতাৰী, মই এজন বড়ো যুৱক |”
অকৌ দেখা পালোঁ এগৰাকী যুৱতীক,
তাই ক’লে, “মোৰ নাম কাংকান দ’লে, মই এজনী মিছিং যুৱতী |”
আগবাঢ়িলো মই,
ৰাস্তাত ল’গ পালোঁ বহুকেইজন লোকক,
চিনা-পৰিচয় হৈ উত্তৰবোৰ পালোঁ,
“মই আহোম”, “মই বামুণ”, “মই মুছলমান”,
“মই ডিমাছা”, “মই কাৰ্বি “
এতিয়া মোৰ মনত চিন্তা সোমাল
মই বাৰু ভুল ঠাইলৈ আহিলোঁ নেকি?
মই আহিছিলোঁ অসমলৈ,
কিন্তু মই
  দেখোন কোনো অসমীয়াক ল’গ পোৱা নাই |
হঠাত দেখা পালোঁ এজন বৃদ্ধক,
সুধিলোঁ তেখেতক, “বৰদেউতা, এইখন বাৰু অসম হয়নে?”
মইযে কোনো অসমীয়াক লগ পোৱা নাই,”
বৃদ্ধইঁ হাঁহিলে,
আৰু উত্তৰ দিলে, “এইখনেই অসম, পিছে ইয়াত আজি অসমীয়া নাই |”
ইয়াত আছে, আহোম, বামুণ, কাৰ্বি, বড়ো, আদি |”
মই আচৰিত হ’লোঁ,
তেখেতক আকৌ সুধিলোঁ,”তেতিয়াহ’লে অসমীয়া মানুহ ক’ত ? অসমীয়া কোন?”
বৃদ্ধই উত্তৰত ক’লে,”ইয়াৰ উত্তৰ লাগে যদি সদনলৈ যোৱা |
সদনে কমিটি বনাইছে অসমীয়া কোন বাখ্যা কৰিবলৈ |
আমি ইমানদিনে অসমীয়া হৈ আছিলোঁ, বোপাই |
পিছে এতিয়া আৰু সেই দিন নাই |”

মই ঘূৰি আহিলোঁ মোৰ দেশলৈ,
আই-পিতায়ে সুধিলে, “কেনে পালি অসমখন ?
লগ পালিনে তোৰ সহোদৰ অসমীয়াক?”
উত্তৰ কি দিম ভাবিব নোৱাৰিলোঁ |
আপুনি ক’ব পাৰিবনে বাৰু ?



1 comment:

  1. You have subtly described the present day Assam... Very true.

    ReplyDelete